বিষাদৰ চকুলো

বিষাদৰ চকুলো   

আজি তোমাক মাতিছিলো
যেতিয়া তুমি কাৰোবাৰ সৈতে আছিলা ৷
বুজিব পৰা নাছিলো
তুমি যে !!!
আনৰ নামৰ সেন্দুৰ
শিৰত তুলি ললা ।
কাষলে যেতিয়া আহিছিলো
খবৰ কেনে বুলি সুধিছিলো
ঠিক তেতিয়াই
কপালৰ সেন্দুৰকনলৈ চাই
শিল পৰা কপৌটোৰ লেখিয়া হৈছিলোঁ ।
একো কব পৰা নাই
একো বুজিব পৰা নাই
মনৰ মাজত কান্দিছো
হিয়া ধাকুৰিয়াই ।
বাকী আছিল চকুলো সৰিবলে
ভালে থাকিবা বুলি কৈ
আতৰাই আনিছিলো তাৰপৰা নিজকে
অকলশৰে বহুত কান্দিলো
কত ৰাতি , কত মাহ
উজাগৰী থকা হলো
মোৰ সঁচা ভালপোৱাৰ পৰিণতি
আজি মই বিষাদৰ চকুলো পালো ।

Comments